Posts

Showing posts from July, 2020

পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুত হ'ব পাৰি

Image
        পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুত হ'ব পাৰি                                           অসীম ধৈৰ্য্য , বিশ্লেষণমূলক চিন্তা আৰু বিচক্ষণ বুদ্ধি লগতে কঠোৰ  পৰিশ্ৰম অবিহনে জীৱনত সফল হ'ব নোৱাৰি ।বন্দুকৰ নলী কেতিয়াও শক্তিৰ উৎস হ'ব নোৱাৰে ।ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীৰ শক্তিৰ উৎস হ'ল তেওঁলোকৰ সুপৈণত মগজু ।মূল্যবোধ, সততা, তেজস্বীয়তা, ন্যায়পৰায়াণতা, ঔদাৰ্য, কৃতজ্ঞতা, সংযম হ'ল কৃতকাৰ্য্যতাৰ আহিলা ।এই সকলোবোৰ গুণ চেষ্টা কৰি আহৰণ কৰিব পাৰিলে পৰীক্ষাত সফল হবলৈ কষ্ট কৰিব লগা নহয় ।প্ৰতিটো বিষয় উৎসাহিত হৈ পঢ়িব লাগে । বিষয়বোৰ পঢ়ি আনন্দ লাভ কৰিলে তাক বুজি পোৱাত সহজ হয় ।প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰে বেলেগ বেলেগ দক্ষতা বা  (personal efficiency ) থাকে ।কিন্তু ছাত্ৰ ছাত্ৰী সকলৰ বিষয় বস্তু সমূহৰ ওপৰত ইতিবাচক ধাৰণা  (Positive concept )থাকিব লাগিব ।        মই এনে কিছুমান ছাত্ৰ ছাত্ৰী দেখা পাওঁ যে তেওঁ আশী শতাংশ নম্বৰ পাই ক্লাছ নাইনত ভাল ফলাফল দেখুৱাব...

ভিন্ন সময় অভিন্ন মত:এক জাতীয়তাবোধৰ সুন্দৰ প্ৰকাশ

                                    ভিন্ন সময় অভিন্ন মত:এক জাতীয়তাবোধৰ সুন্দৰ প্ৰকাশ             ড৹হিমন্ত বিশ্ব শৰ্মা ছাৰ অসমৰ ৰাজনৈতিক জগতৰ দক্ষ মন্ত্ৰীয়ে নহয় তেওঁ অসমৰ সাহিত্য জগতৰো এটি চিনাকী নাম ।বিশেষকৈ ড৹ শৰ্মা ছাৰৰ ভিন্ন সময় অভিন্ন মত :গ্ৰন্থ খন বহু ক্ষেত্ৰত সমসাময়িক পটভূমিত তেওঁৰ নিজৰ ৰাজনৈতিক জীৱনত দেখা পোৱা বিভিন্ন অভিজ্ঞতা ,উপলব্ধিৰ বুলি দাবী কৰিব পাৰি ।অসমীয়া জাতীয় চেতনা, ভাষা ভিত্তিক জাতীয়তাবাদ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সনাতনী সাহিত্য আৰু বৰ্তমান সমাজ, ৰাজনৈতিক প্ৰেক্ষাপট,আৰু আমাৰ ভৱিষ্যত আদি তেওঁৰ অৰ্ন্ত:জগতত আলোড়িত হৈ থকা ক্ৰিয়া প্ৰতিক্ৰিয়া সমূহ প্ৰবন্ধ ৰূপত প্ৰকাশ কৰিছে ।সাম্প্ৰতিক সময়ৰ অসমীয়া জাতিৰ সংকটক লৈ তেওঁ খুবেই চিন্তিত হোৱা পৰিলক্ষিত হৈছে -সেই বিষয়ে প্ৰবন্ধ সমূহৰ জৰিয়তে প্ৰকাশ পাইছে ।অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকল যে ক্ৰমান্বয়ে নিৰাপত্তাহীনতাত ভুগিছে আৰু লগতে আসমৰ কেইখনমান জিলাত জনসংখ্যা ...

কৰ'নাৰ দু:চিন্তা আৰু কিছু ইতিবাচক দৃষ্টি ভংগী

                            কৰ'নাৰ দু:চিন্তা আৰু ইতিবাচক দৃষ্টিভংগী       আতংকময় পৰিৱেশৰ মাজতে কৰ'না ভাইৰাছ ৰ বিষবাস্পৰ পমখেদি বুকুৰ মাজৰ শূন্যতাখিনিৰ পৰাই ঝংকাৰিত হৈ উঠে হিয়া মন শাঁত পেলোৱা সুমধুৰ সুখময় সুৰৰ লহৰ, আৰু কিছুমান সৰু সৰু কাম তাৰ মাজেৰে কিছু সুখানুভূতি ।এই মূহুৰ্তত আমি সৰু সৰু কামৰ মাজেৰে জীৱনটো কৰি ৰাখিব লাগিব প্ৰাণৱন্ত, প্ৰচুৰ সম্ভাৱনাময়, অৰ্থবহ আৰু সুখী ।এই অস্হিৰতা কেৱল এজন ব্যক্তিৰ নহয়, এই অস্হিৰতা সমগ্ৰ মানৱ জাতিৰ ।মানুহৰ বিশৃংখলতাৰ বাবেই, ই সকলোৰে বিবেচ্য বিষয় - জীৱন - পৰিৱেশ আৰু হাতৰ পৰা, উশাহৰ স'তে অভ্যন্তৰলৈকে সোমাই যায় ,বীজাণু বিয়পায়, সংক্ৰমণ ঘটাই তাৰ পাছত ক্ৰমান্বয়ে হৈ পৰে মহামাৰী ।য'ত নাই জীৱনৰ শক্তিশালী প্ৰতিচ্ছবি, সেয়াই কৰ'না ।         বৰ্তমান যুগ ৰ মানুহখিনিৰ চৰম ট্ৰেজেডী হ'ল সুখ ৰ সন্ধান কৰোঁতে কৰোঁতে লাভ কৰে দুখৰ উপৰি দুখ । আজি যান্ত্ৰিক যুগৰ মানুহখিনিক এখন সেউজীয়া পৃথিৱী নালাগে, চৰাই চিৰিকটিৰ সুললিত কণ্ঠ শুনিবলৈ কাৰো সময় নাই । তাৰ ঠাইত ডাঙৰ ডাঙৰ অ...

এগৰাকী শিক্ষয়িত্ৰীৰ দৃষ্টিৰে অনলাইন শিক্ষা পদ্ধতি

     এগৰাকী শিক্ষয়িত্ৰীৰ দৃষ্টিৰে অনলাইন শিক্ষা পদ্ধতি           আজিৰ গোলকীয় পৃথিৱীত সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলৈ হ'লে ছাত্ৰ -ছাত্ৰী সকলে নিজৰ নিজৰ পৰিকল্পনা প্ৰস্তুত কৰি ল'ব লাগিব। আৰু সেই পৰিকল্পনা অনুসৰি পঢ়া-শুনা,খেলা-ধূলা বা অনান্য বিষয় সমূহ একাগ্ৰতাৰে কৰিব লাগিব। কৃতিত্ব অৰ্জনৰ বাবে যিকোনো প্ৰতিকূল পৰিস্থিতিৰ মাজতো কঠোৰ পৰিশ্ৰমেৰে অধ্যয়ন কৰিবই‌ লাগিব। ছাত্ৰ ছাত্ৰীসকলে দৃঢ়তাৰে নিজক অনুপ্ৰাণিত কৰিব পাৰিলে বন্ধু বান্ধবী সকলকো অনুপ্ৰেৰণা যোগাব পাৰিব। দৈনন্দিন জীৱনৰ নানা ঘাত প্ৰতিঘাতৰ বিৰুদ্ধে মনোবল আৰু মূল্যবোধক সাৰথি কৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক সফল কৰি তুলিবলৈ পিতৃ মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰো দ্বায়িত্ব অপৰিসীম।                    ছাত্ৰ-ছাত্ৰী সকলক সৰ্বাংগীন দিশত আগুৱাই নিবলৈ তথ্য আৰু প্ৰযুক্তিৰ খুবেই প্ৰয়োজন বিশেষকৈ বৰ্তমান পৰিস্থিতিত। ইতিমধ্যে শিক্ষণ-শিকনত তথ্য আৰু প্ৰযুক্তিয়ে যুগান্তকাৰী পৰিবৰ্তন সাধন কৰিছে। বৰ্তমান কৰ'না মহামাৰী মহাসংকটৰ সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে--ৰে...

ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ আৰু পৰিৱেশ শিক্ষা

                         b  ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ আৰু পৰিৱেশ শিক্ষা                     ছাত্র ছাত্ৰীৰ বৌদ্ধিক ,মানসিক আৰু শাৰীৰিক আদি সৰ্বাগীন বিকাশ ঘটোৱাৰ প্ৰকৃত সময় বিদ্যালয় পৰ্যায়ত হয় ।আমাৰ পৰিৱেশ সম্বন্ধীয় ন্যায় বিচাৰ ‌(Environment Justice). আৰু প্ৰাকৃতিক সম্পদসমূহৰ প্ৰতি পালন , সংৰক্ষণ  ,সুৰক্ষা আদি  বিদ্যালয় পৰ্য্যায়তে ছাত্ৰ ছাত্ৰীৰ মনত বিকাশ ঘটোৱাৰ উপযুক্ত সময় ।ছাত্ৰ অৱস্থাতে, প্ৰাকৃতিক ঘটনা পৰিঘটনাসমূহৰ লগত পৰিচিত হৈ নললে মহাবিদ্যালয় পৰ্য্যায়ত ইয়াৰ  গভীৰ তত্ত্ব আৰু বিজ্ঞানৰ কাৰক সমূহ  অনুধাৱন কৰাত প্ৰকৃতিৰ বিভিন্ন ঘটনা পৰিঘটনাসমূহৰ লগত বিজ্ঞানৰ জটিল সূত্ৰ অনুধাৱন কৰাত অসুবিধা হয় ।বিভিন্ন  দেশৰ শিক্ষাবিদ  আৰু  পৰিৱেশ বিশেষজ্ঞ সকলে কৈছে যে পৰিৱেশ  সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজন ছাত্ৰ ছাত্ৰীৰ মাজত পৰিৱেশৰ ওপৰত সজাগতা সৃষ্টি কৰা আৰু পৰিৱেশ সম্পৰ্কীয় সমস্যা সমূহৰ পুংখানুপুংখ উপলব্ধি আৰু জ্ঞান অৰ্জন ...