ড°সৰ্বপল্লীৰাধাকৃষ্ণনৰ জীৱন দৰ্শন আৰু শিক্ষক দিৱস
"ড°সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন দৰ্শন আৰু শিক্ষক দিৱস" ভাৰতীয় দৰ্শনৰ মণি-মুকুতা সংগ্ৰহ আৰু তাৰ ৰত্ন বিতৰণেই আছিল ৰাধাকৃষ্ণণৰ লক্ষ্য আৰু সাধনাৰ বস্তু। তেওঁ চাকৰি জীৱন আৰম্ভ কৰিছিল শিক্ষকতাৰে।প্ৰথমে মাদ্ৰাজ এডুকেশ্বনেল চাৰ্ভিছ'ত এটা সৰু চাকৰি পাইছিল।১৯০৯চনত তেওঁ মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত দৰ্শন বিভাগত অধ্যাপক হিচাপে নিযুক্তি পায়। তেওঁৰ শিক্ষা দান কাৰ্যত ছাত্ৰ ছাত্ৰীসকল ইমান অভিভূত হৈছিল যে এগৰাকী সফল অধ্যাপক হিচাপে স্বীকৃতি পাইছিল। ৰাধাকৃষ্ণণৰ শিক্ষাত, বক্তৃতাত মুগ্ধহৈ আন আন মহাবিদ্যালয়ৰ ছাত্ৰবোৰ আহি মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত পঢ়িবলৈ ভিৰ কৰিছিল । এগৰাকী অধ্যাপকৰ বাবে এয়া এক বিৰল কৃতিত্ব। তেওঁ মনোবিজ্ঞান, ইউৰোপীয় চিন্তা ধাৰা আৰু ৰাজনৈতিক দৰ্শনবোৰ ইমান সলসলীয়াকৈ বুজাই দিব পাৰিছিল যে ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ বক্তৃতা মন্ত্ৰম...