অসমীয়া ভাষাৰ সংকট আৰু আমাৰ ভৱিষ্যত অস্তিত্ব
অসমীয়া ভাষাৰ সংকট আৰু আমাৰ ভৱিষ্যত অস্তিত্ব:--- অসমৰ উত্তৰ-পূব প্ৰান্তৰ অসমীয়া ভাষা এটা অতি শক্তিশালী ভাষা৷ ভাৰতৰ সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি চৰকাৰীভাৱে স্বীকৃত অসমীয়া ভাষা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক সংযোগী ভাষা হিচাপে প্ৰচলিত । অসমৰ ২,৬৬,৩৮,৪০৭ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি) লোকৰ আধা সংখ্যকৰ বাবেই অসমীয়া ভাষা প্ৰধান ভাব বিনিময়ৰ মাধ্যম৷ সেয়েহে এক স্বকীয় ভাষা শৈলীৰে তেতিয়াৰ জোনাকী যুগৰ পৰা আজি পৰ্যন্ত অসমীয়া ভাষাৰ ভৱিষ্যত বোৱতী নদীৰ দৰেই বহ্নিমান৷ তথাপি সময়ে সময়ে অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন উত্থাপন নোহোৱাকৈ থকা নাই৷ সময়ৰ পৰিৱৰ্তন, উচ্চ শিক্ষা, ঔদ্যোগিক বিকাশ আৰু ন-ন আধুনিক বৈজ্ঞানিক সঁজুলিৰ ব্যৱহাৰে এখন সমাজলৈ বিভিন্ন পৰিৱৰ্তন কঢ়িয়াই আনে৷ সমাজৰ এই পৰিৱৰ্তনে পোন প্ৰথমে আমাৰ অজ্ঞাতে পৰোক্ষভাৱে প্ৰভাৱ পেলাই সমাজখনত প্ৰচলিত হৈ থকা ভাষাটোৰ ওপৰত৷ কাৰণ সমাজ এখনৰ ভাবৰ আদান প্ৰদানৰ প্ৰধান আহিলাই হ’ল ইয়াৰ ভাষা৷ বৰ্তমান অসমীয়া ভাষাৰ ৰূপটোলৈ লক্ষ্য কৰিলে দেখা যায় যে, উপৰোক্ত কাৰকসমূহে অসমীয়া ভাষাৰ মাজত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে৷ প্ৰধানতঃ ই...