Posts

Showing posts from September, 2025

চিৰ যুগমীয়া ঢৌ তুলি

চিৰ যুগমীয়া ঢৌ তুলি    তেওঁ এটি নাম নহয়। বিশাল বিশ্বৰ বুকুত চিৰ সেউজীয়া এটি অনুষ্ঠান। তেওঁ পৰিচয়ৰ পৰিধি আজি জনসমুদ্রৰ সীমাহীন দিগবলয়ৰ বুকুত হেলাই গৈছে। আৰু সেই নামেই যাৰ পৰিচয় আক পৰিচয়েই যাৰ জীৱন দর্শন অবিকল অভিব্যক্তি- সেইগৰাকী সুন্দৰৰ পূজাৰী ড° ভূপেন হাজৰিকাৰ সময়ত পৃথিৱীত জন্মগ্রহণ কৰি নিজকে ধন্য মানিছোঁ। সেইগৰাকী চিৰ নমস্য শিল্পীৰ জীৱনৰ মূল বৈশিষ্ট্য হৈছে- সুন্দৰৰ সাধনাত ঐকান্তিকতা, নিভাঁজ স্বদেশ প্রেমৰ সুৰসিক্ত চেতনাৰ মাজত সততা ,ন্যায়,কৰ্ম শক্তিৰে নতুনত্বৰ আহ্বানত পৌৰুযোদ্দীপ্তত সংগ্রামী মনোভাব, মানৱদৰদী সাগৰ সদৃশ গভীৰ হৃদয়। যাৰ হৃদয়ত ক্ষুদ্র চেতনা লেশমানো নাই। গণশিল্পী হেমাংগ বিশ্বাসে সুধাকণ্ঠ সন্দৰ্ভত কৈছিল- 'It is a product of art movement Bhupen Hazarika is also a talented talent, Bhupen is also grown from assam's soil. It is not grown from Bengal of Orissa soil     উৰ্বৰ মস্কিষ্কই মহান ব্যক্তিৰ সংস্পৰ্শত উৎকর্ষ সাধনৰ উৎস বিচাৰি পায়,প্ৰেৰণা লাভ কৰে আৰু সংগ্ৰামী প্ৰাণত বিদ্ৰোহৰ সূচনা হয় এনেদৰেই। উৰ্বৰা প্ৰাণত সংগীতৰ বীজ অংকুৰিত হ'ল আৰু সেই গছতে সাৰ পানী যোগান...