বসন্ত ঋতুত পালন কৰা বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা
বসন্ত ঋতুত পালন কৰা বহাগ বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা:-- বʼহাগ মাথোঁ এটি ঋতু নহয় নহয় বʼহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ--- কুলি-কেতেকীয়ে ইনালে বিনালে,মৰমী বিহুৰ কথাকে ক'লে ।মোৰ মন আকলুৱা,হয় থৌকি বাথৌ । -"ড°ভূপেন হাজৰিকা" বসন্তৰ ন-সাঁজ পিন্ধি গছ-বিৰিখত সেউজীয়া সাঁজ, এই সুন্দৰ পৰিৱেশত ৰঙালীক আদৰাৰ প্ৰস্তুতি। যেতিয়া সামাজিক ভাৱে এটা জাতিৰ জাতীয় পৰিচয় বিশেষ উৎসৱৰ জৰিয়তে উদযাপন হয়, তেতিয়া সেই উৎসৱ হৈ পৰে সেই জাতিৰ জীৱনৰ আয়ুসৰেখা ।যিটো ভাৰতৰত্ন ড°ভূপেন হাজৰিকাই গীতেৰে প্ৰকাশ কৰিছে।এই জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱত থাকে সমূহীয়া দৃষ্টি-ভংগী , চিন্তা-চৰ্ঢা লোকবিশ্বাস, ৰীতি-নীতি, আনন্দ-স্ফুৰ্তিৰ মাজেৰে সমন্বয়ৰ সোৱাস বিয়পায় দিয়া হয়।আমি যদি যোৱা বছৰলৈ ওভতি চাওঁ তেন্তে দেখা পাম যে অসমীয়াৰ জাতীয় জীৱনৰ আয়ুস ৰেখা--বহাগ বিহু ক'ৰোনা মহামাৰীত,হতাশা,নিৰাশা ...