গুণগত শিক্ষা আৰু শিক্ষকৰ ভুমিকা
গুণগত শিক্ষা আৰু শিক্ষকৰ ভুমিকা:--
গুণগত শিক্ষা আৰু শিক্ষকৰ ভুমিকা বুলি ক'লে আমাৰ মনলৈ এই প্ৰশ্নটো আহিব যে গুণগত শিক্ষা মানে কি? এই বাক্যশাৰীয়ে যোৱা তিনিটা দশক ধৰি শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দি আহিছে । এই শিক্ষা ব্যৱস্থাই ল'ৰা - ছোৱালীৰ নাম - ভৰ্তিকৰণ , শ্ৰেণীত সংৰক্ষণ আৰু শৈক্ষিক সফলতা আদি দিশ বিবেচনা কৰি আহিছে । শিক্ষাৰ গুণগতমান উন্নয় অভিযান শিক্ষাৰ অধিকাৰ আইনৰ অধীনত অধিক প্ৰসাৰতা লাভ কৰিছে । ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা সকলো ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু আন আন গুৰুত্বপূৰ্ণ চৰকাৰী পৰিকল্পনাসমূহেও শিক্ষাৰ গুণগত উন্নয়নক প্রাথমিক লক্ষ্য হিচাপে অন্তৰ্ভুক্ত কৰিছে । এইদৰে এই শিক্ষা ব্যৱস্থাৰ ভিতৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শৈক্ষিক অনুষ্ঠানসমূহক এই বিষয়ে অৱগত কৰাৰ প্ৰয়োজন এই কাৰণেই যে এই ব্যৱস্থাই প্রশাসক , পৰিকল্পনা তথা আঁচনি প্রস্তুত কৰোঁতাসকলৰ দ্বাৰা যুক্তিসংগত সিদ্ধান্ত গ্ৰহণৰ বাবে কাম কৰি আছে । ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত হোৱা বিভিন্ন শৈক্ষিক সাফল্যৰ মূল্যায়নৰ জৰীপ ( As sessment Survey ) হৈছে এই দিশত লোৱা কিছুমান প্ৰাৰম্ভিক প্রচেষ্টা । ইয়াৰোপৰি বিদ্যালয় আৰু সমাজৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলেও শিক্ষাৰ গুণগত মান উন্নয়নত এক বিশেষ ভূমিকা পালন কৰিব লাগিব । গোলকীয় পর্যৱেক্ষণ প্রতিবেদন , ২০১৫ ( Global Monitoring Report , GMR - 2015 ) অনুসৰি ভাৰতকে ধৰি আন আন উন্নয়নশীল দেশত শিক্ষাৰ বিশেষভাৱে প্ৰসাৰ ঘটিছে , কিন্তু গুণগত মান উন্নয়নৰ ক্ষেত্ৰত ই এতিয়াও এক চিন্তনীয় বিষয় হৈ ৰৈছে । ভাৰতত বিভিন্ন শৈক্ষিক সাফল্যৰ জৰীপ ( achievement survey ) যেনে— Annual Status of Education report ( ASER ) এ সমগ্ৰ দেশজুৰি ছাত্ৰ - ছাত্ৰীৰ কৃতিত্ব প্ৰদৰ্শনত প্রতিফলিত হোৱা ব্যাপক বৈসাদৃশ্য সম্পর্কে খতিয়ান দাঙি ধৰিছে , যিটো ৰাষ্ট্ৰীয় মানৱ সম্পদ মন্ত্রণালয় , ২০১৪ ৰ অধীনত National Achievement Survey ( NAS ) বিভিন্ন শ্রেণীৰ বাবে কৰা জৰীপত ইতিমধ্যে প্রতিফলিত হৈছে । যোৱা কিছু বছৰত সৰ্বশিক্ষা অভিযানৰ সম্পৰ্কত যুগুতোৱা যুটীয়া পর্যবেক্ষণ অভিযানৰ প্ৰতিবেদন ( Reports of joint Review Mission ) - ত উল্লেখ কৰা হৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে সময়মতে শিক্ষণ - শিকন ব্যৱস্থা আৰু শিকন সামগ্ৰীৰ যোগান , অধিক শিক্ষক নিয়োগকৰণ আৰু নিয়মিত পর্যৱেক্ষণ কৰা স্বত্ত্বেও ল'ৰা - ছোৱালীৰ বৰ্তমান শিকন পর্যায়টো আকাংক্ষিত পর্যায়লৈ আগবঢ়া নাই । এই প্রতিবেদন অনুসৰি ল'ৰা - ছোৱালীৰ পঠন আৰু সাংখ্যিক তথা গাণিতিক সামৰ্থতা প্ৰাপ্তিৰ দিশত ই এক বিফলতা , যিটো বর্তমান প্রেক্ষাপটত এক গুৰুত্বপূৰ্ণ তথা চিন্তনীয় বিষয় । এই দৃষ্টিভংগীৰে চালে দেখা যায় যে বিশেষকৈ সাক্ষৰতা , গণনা আৰু প্ৰয়োজনীয় জীৱনশৈলীৰ বাবে নিৰ্ধাৰিত শিকনৰ ফলাফল / শিকন লক্ষ্যৰ জৰিয়তে নিৰূপণ কৰা গুণাগুণসমূহ সকলোৱে আহৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ । শিক্ষাৰ বিশেষ উদ্দেশ্য হিচাপে ন্যূনতম শিকন আৰু গুণগত লক্ষ্যত উপনীত হোৱাটো নিশ্চিত কৰাৰ বাবে নিয়মীয়া শিকন নিৰূপণৰ আৱশ্যকতাই হৈছে দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল বিষয়বস্তু । Global Monitoring Report , 2015 ( GMR ) আৰু বহনক্ষম উন্নয়ন লক্ষ্যৰ ( SDG ) পৰামৰ্শাৱলীৰ সৈতেও এই বিষয়ৰ সামঞ্জস্য আছে । একে সময়তে শৈক্ষিক ব্যৱস্থাপনাৰ লগত জড়িত বিভিন্ন ব্যক্তি , যেনে— অভিভাৱক আৰু স্থানীয় লোকৰ দ্বাৰা সমাজৰ নিম্ন পৰ্যায়ত ( Ground level ) এক জাগৰণ সৃষ্টি হ’বলৈ ধৰিছে যদিও ইমান উন্নত নহয়, য'ত তেওঁলোকৰ অৱদান তথা সহযোগিতাৰ বাবে উপযুক্ত পৰ্যায়ত যথোপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰিবলৈ শিক্ষা ব্যৱস্থাক সজাগ আৰু দায়বদ্ধ কৰিব বিচৰা হৈছে । আমি প্রায়েই দেখা পাওঁ যে কি ধৰণৰ শিকন ব্যৱস্থা আৰু তাৰ মূল্যায়নৰ নীতি কেনে ধৰণৰ , সেই সম্পর্কে শিক্ষকসকল স্পষ্ট নহয় । কিয়নো সেইবোৰ মূল্যায়ন কৰাৰ নিৰ্দিষ্ট কোনো নীতি নাই । প্ৰতিটো শ্ৰেণীৰ শিকনৰ ফলাফলসমূহে শিক্ষণ - শিকন প্রক্রিয়াক বিচৰা ধৰণে আগবঢ়াই নিয়াত কেৱল শিক্ষকসকলকে সহায় নকৰে ; বৰং বিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত অন্যান্য ব্যক্তি বিশেষকৈ অভিভাৱক , বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ( SMC ) , স্থানীয় ব্যক্তি আৰু ৰাজ্যিক বিষয়া , কৰ্মচাৰী সকলোকে গুণগত শিক্ষাৰ নিশ্চিতকৰণত সজাগ আৰু দায়বদ্ধ কৰে । বিভিন্ন পাঠ্যক্ৰমৰ অন্তৰ্গত বিষয়ৰ শিকনৰ উদ্দেশ্য সফলতাৰে সম্পাদন কৰাৰ ক্ষেত্ৰত বিশদভাৱে ব্যাখ্যা কৰা শিকনৰ ফলাফলে বিদ্যালয় শিক্ষাৰ আওতাৰ ভিতৰত থকা বিভিন্ন ব্যক্তিক সঠিক পথ নির্দেশ কৰাৰ লগতে তেওঁলোকৰ দায়িত্ব আৰু দায়বদ্ধতাও নিশ্চিত কৰিব । কিয় এই পৰিবৰ্তন ? ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু ১৯৯২ চনত সংশোধিত তথা কাৰ্যকৰণ আঁচনিয়ে ছাত্ৰ - ছাত্ৰীৰ ন্যূনতম শিকন পর্যায় নিৰূপণ কৰি সময়ে সময়ে তাৰ খতিয়ান লোৱাৰ পোষকতা কৰিছিল , যাতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০য়ে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হ'ব পাৰে । ১৯৯২ চনত , বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন শ্ৰেণী আৰু বিষয় অনুযায়ী ন্যূনতম শিকন পর্যায় ( Minimum Levels of Learning ) সমূহ অৰ্হতাৰ ভিত্তিত প্ৰস্তুত কৰি উলিওৱা হৈছিল , যিবোৰৰ মূল্যায়ন আছিল অধিক ফলাফলমুখী আৰু ল'ৰা - ছোৱালীৰ সামগ্ৰিক বিকাশৰ মান নিৰূপণৰ পৰিসৰ আছিল সীমিত । প্রায় এক দশক পূর্বে পাঠ্যক্রম আদান - প্ৰদানৰ ক্ষেত্ৰত স্বাভাৱিক শিকাৰু হিচাপে ছাত্ৰ - ছাত্ৰীয়ে নিজাববীয়াকৈ জ্ঞান আহৰণৰ দক্ষতা লাভ কৰে , এই ধাৰণাটোৱে মুখ্য স্থান পায় আৰু এনে শিক্ষাদান প্রক্রিয়াত শিক্ষকসকলে কেৱল সেই জ্ঞান - আহৰণ প্ৰক্ৰিয়াত সহায়কাৰী হিচাপেহে ভূমিকা গ্ৰহণ কৰে । এইদৰে লাভ কৰা জ্ঞান আছিল তেওঁলোকৰ চাৰিওফালৰ পৰিৱেশৰ সৈতে জড়িত হৈ কৰা নিৰীক্ষন , প্রতিক্রিয়া , আৱিষ্কাৰ আৰু তাক অর্থবহ কৰি তোলাৰ ফল । অর্থাৎ শিকন প্রক্রিয়াই হৈছে এনে শিক্ষা পদ্ধতিৰ মূল কেন্দ্ৰ । ধাৰণাৰ বোধ জন্মোৱাটো কোনো এটা বিষয়বস্তুৰ এক অবিৰত প্ৰক্ৰিয়া যেনে , কোনো এটা ধাৰণা স্পষ্ট বা গভীৰতালৈ নিয়া আৰু বিভিন্ন স্তৰত বিভিন্ন কার্যকৌশল আহৰণত এটাৰ লগত আনটোৰ সম্বন্ধ স্থাপন কৰা , বৌদ্ধিক বিকাশৰ অবিচ্ছেদ্য উপাদান হিচাপে আৱেগিক নিয়ন্ত্রণ বা বিকাশ , বিমূৰ্ত চিন্তাৰ অৰ্থৱহ ধাৰণা প্রতিষ্ঠা আৰু তাক প্ৰতিফলন কৰা সামৰ্থৰ বিকাশ আদি । বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন , ২০০৯ ৰ অধীনত এক মৌলিক অধিকাৰৰ গৰাকী হিচাপে প্ৰতিগৰাকী শিশুৰ সামগ্রিক বিকাশৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ অধিকাৰে প্ৰায় সকলোবোৰ শিক্ষানীতি সম্পৰ্কীয় নথিত আগ স্থান পাইছে । লিখিত পৰীক্ষাৰ জৰিয়তে আৱেগিক গুণসমূহ সঠিক ৰূপত মূল্যায়ন কৰাটো জটিল , কাৰণ সেইবোৰ বস্তুনিষ্ঠ আৰু বিষয়ভিত্তিক ; তদুপৰি ল'ৰা - ছোৱালীৰ সর্বাঙ্গীন বিকাশত অনিশ্চয়তা থকাৰ লগতে সেইবোৰ ভ্ৰান্ত ধাৰণা আৰু ব্যক্তিগত প্ৰাধান্যৰ দ্বাৰা প্ৰভাৱিত হয় । নথিখনে ছাত্র - ছাত্ৰীৰ ব্যক্তিত্ব বিকাশ আৰু পৰিবৰ্তনক এক অংশ হিচাপেহে বিবেচনা কৰে । কিন্তু ই ছাত্ৰ - ছাত্ৰীসকলৰ বিশেষ তথ্য প্ৰদানৰ অন্তত বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে আহৰণ কৰা জ্ঞানৰ এক চূড়ান্ত ফলাফল বুলি বিশ্বাস নকৰে । উপৰোক্ত পটভূমিৰ আধাৰত সমগ্ৰ প্ৰক্ৰিয়াটোৰ পুনৰীক্ষণৰ বাবে সজীৱ সম্ভাৱনীয়তাৰ সৈতে এক কার্যপস্থা হাতত লোৱা হয় আৰু প্ৰাথমিক স্তৰৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ বিভিন্ন পাঠ্যক্রমিক বিষয়ৰ বাবে শিকনৰ ফলাফল ( learning outcomes ) সমূহ উদ্ভাৱন কৰি উলিওৱা হয় । এই সম্পৰ্কত বৰ্তমান এই পর্যায়লৈকে প্ৰতিটো শ্ৰেণীৰ বিভিন্ন বিষয় যেনে— ভাষা , গণিত , পৰিৱেশ অধ্যয়ন , বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ বাবে শিকনসমূহ সন্নিৱিষ্ট কৰা হৈছে । ইয়াত থকা কিছুমান দিশ বা বৈশিষ্ট তলত দাঙি ধৰা হ'ল ---
১)বিভিন্ন তথ্য সম্বলিত এই কাম সহজসাধ্য কৰি তুলিবৰ বাবে যথাসম্ভৱ সহজ ভাষা প্রয়োগ কৰা
২) প্ৰতিটো পাঠ্যক্রমিক সম্বন্ধীয় বিষয়ৰ ভাগসমূহে বিষয়ৰ প্ৰকৃতি সম্বন্ধে এক চমু আভাস সংযোজন কৰা । পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ - ছাত্ৰীসকলে স্তৰ অনুযায়ী পাঠ্যক্ৰমৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ কথা অৱতাৰণা কৰা ।
৩) শ্রেণী অনুযায়ী প্রস্তুত কৰা শিকন লক্ষ্যপ্রাপ্তিসমূহ প্রক্রিয়া ভিত্তিক হিচাপে প্ৰস্তুত কৰা । ছাত্র ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আগত ৰাখি শিকনৰ ফলাফলসমূহ মূল্যায়ন কৰাৰ অৱকাশ ।
৪) শিক্ষকসকলক পাঠ্যক্ৰমৰ আকাংখিত লক্ষ্য সম্বন্ধে বোধ জন্মাবলৈ আৰু শিকন ফলাফল লাভ কৰিবলৈ কিছুমান পৰামৰ্শমূলক শিক্ষণ শৈলী উপস্থাপন কৰা ।
৫) প্ৰাসংগিক সমলৰ ব্যৱহাৰ আৰু যথোপযুক্ত শিক্ষণ - শিকন প্ৰক্ৰিয়াৰ প্ৰয়োগৰ জৰিয়তে শিক্ষকে শ্রেণী কোঠাকে ধৰি ( Inclussive Classroom ) সুবিধা অনুযায়ী বিভিন্ন পৰিৱেশত বিভিন্ন শিকাৰুৰ ভিন ভিন প্ৰয়োজন অনুসৰি পাঠ পৰিকল্পনা কৰি এক বিশেষ শিকন ব্যৱস্থাৰ সুযোগ প্রদান কৰাৰ পদক্ষেপ গ্ৰহণ ।
৬)শিক্ষণ নীতি সম্পৰ্কীয় প্ৰক্ৰিয়াসমূহ পৰামৰ্শমূলক তথা ইংগিতসূচক ৰূপে ব্যাখ্যা কৰা আৰু এইসমূহৰ লগত সংলগ্ন শিকন নীতিসমূহ এটাৰ সৈতে আনটো মিলি যোৱা নাই , কিন্তু এইবোৰক সামগ্রিকভাৱে নিৰীক্ষণ কৰাৰ অৱকাশ । শিক্ষকসকলে সমলৰ পৰ্যাপ্ততা আৰু স্থানীয় প্রাসঙ্গিকতালৈ লক্ষ্য কৰি ইয়াক গ্রহণ বা সালসলনি কৰিও ব্যৱহাৰ কৰিব পাৰে আৰু নিজেও বহুতো সংযোজনৰ সহায়ত পৰিকল্পনা কৰিব পাৰে ।
৭) এই শিকনপ্রাপ্তিসমূহ বিশেষকৈ ল'ৰা - ছোৱালীৰ বয়সৰ উপযুক্ততা অনুসৰি আৰু পৰ্যায়ক্রমে পাঠ্যক্ৰমৰ জটিলতা অনুসৰি প্ৰতিটো পাঠ্যক্ৰমত সংযোজন কৰিবলৈ যত্ন কৰা হৈছে । এই শিকন প্রাপ্তিসমূহ সকলো ল'ৰা - ছোৱালীৰ বাবে একেই ; প্ৰতিগৰাকী শিশুৰ ব্যক্তিগত প্রয়োজনীয়তাৰ সৈতে ইয়াৰ সমতা স্থাপন আৰু ঐক্য - সঙ্গতি অটুট ৰাখিবলৈ প্ৰয়াস কৰা হৈছে । বিভিন্ন কাৰণত বিশেষভাৱে শৈক্ষিক প্রয়োজন ( Special Educational Needs ) উদ্ভৱ হয় । অক্ষমতাৰ অৱস্থাও এনে এক কাৰণ হ'ব পাৰে । গতিকে দেখা যায় যে তেনে অক্ষম শিশুৰ বিভিন্ন প্রয়োজন অনুসৰি তেওঁলোকৰ বাবে বিভিন্ন সামগ্ৰী প্ৰদানৰ জৰিয়তে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয় । বিশেষ প্রয়োজন সম্পন্ন শিশুৰ বাবে প্ৰয়োজনীয় কিছুমান সামগ্ৰী হৈছে— চকা লগোৱা চকী ( Wheel chair ) , লাখুটি আদি খোজকঢ়া বা চলা - ফুৰা কৰাৰ সামগ্রী , শ্ৰৱণ সহায়ক যন্ত্র , দৃষ্টিশক্তি সহায়ক বা অন্যান্য সামগ্রী , শৈক্ষিক সামগ্রী যেনে— টেইলৰ ফ্ৰেম , এবেকাচ আদিৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিকন পৰিৱেশ গঢ়ি তোলা , প্রয়োজন সাপেক্ষে তেওঁলোকক সহায় কৰিবৰ বাবে আন ল’ৰা - ছোৱালীক উৎসাহিত কৰা , শিকন প্ৰক্ৰিয়াত তেওঁলোকৰ অংশগ্রহণ নিশ্চিত কৰা আদি । শিকনপ্রাপ্তিৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিশেষ প্রয়োজন সম্পন্ন শিশুৰ বাবে আৰু কিছুমান দিশ বা ব্যবস্থাবলী তলত উল্লেখ কৰা হ'ল ।
ক) সফলভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অতিৰিক্ত সময় আৰু উপযুক্ত পৰিৱেশৰ ব্যৱস্থা কৰা । প্রয়োজন সাপেক্ষে পাঠ্যক্রম সালসলনি কৰা আৰু বিশেষ শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰা ।
ক) বয়স আৰু শিকন পৰ্যায়ৰ লগত খাপ খোৱাকৈ সুলভ আৰু সহজ পাঠ্যপুথি আৰু অন্যান্য শিকন সামগ্ৰীৰ ব্যৱস্থা কৰা । ভিডিঅ ' আদি তথ্য প্রযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা অতিৰিক্ত সহায়ৰ ব্যৱস্থা কৰা ।
গ)তেনে ল'ৰা - ছোৱালীৰ ঘৰুৱা ভাষা আৰু সামাজিক - সাংস্কৃতিক ৰীতি - নীতি সম্পৰ্কীয় কার্যাৱলীক সম্মান জন্মোৱা । এটা নিৰ্দিষ্ট পাঠক্ৰমৰ শিকন প্রাপ্তি / লক্ষ্যসমূহৰ প্ৰতিটো শাখাত বিভিন্ন বিশেষ প্রয়োজন সম্পন্ন শিশুৰ বাবে শিকন প্রয়োজনীয়তা সম্পর্কে কিছুমান অতিৰিক্ত বিষয়ভিত্তিক নিৰ্দেশনা । বৌদ্ধিকভাৱে বাধাগ্রস্ত শিশুৱে আহৰণ কৰিবলগীয়া শিকন প্রাপ্তিসমূহ প্রয়োজন সাপেক্ষে শিথিল হ'ব পাৰে । এই পদ্ধতি হৈছে আমাৰ দেশৰ শৈক্ষিক পৰিকল্পনাৰ উদ্দেশ্যসমূহ সাফল্যমণ্ডিত কৰাত উদ্ভৱ হ'ব পৰা আঞ্চলিক বৈসাদৃশ্য দূৰ কৰাৰ মানসেৰে লোৱা এটি প্রচেষ্টা । বিদ্যালয় সমূহে এই শিকনপ্রাপ্তি বা শিকন লক্ষ্যসমূহ নিজৰ প্ৰয়োজন আৰু প্ৰসংগক্ৰমে গ্রহণ কৰিব পাৰে। বিদ্যালয়ৰ শ্ৰেণীসমূহত শিশুৰ শিকন অগ্ৰগতিৰ নিৰীক্ষণৰ সুযোগ - সুবিধা প্রদান কৰাত বিদ্যালয় শিক্ষাৰ লগত জড়িত সকলো শ্ৰেণীপৰ্যায়লৈকে সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই পদ্ধতি ব্যৱহাৰযোগ্য হ'ব বুলি আশা কৰা হ'ল ।
আমাৰ ছাত্ৰ সমাজৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা অনুসৰি শিক্ষা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ প্ৰণয়ন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মোৰ বিশ্বাস যে এই নীতিৰ দ্বাৰা গুণগতমানৰ নতুন শিক্ষা ব্যৱস্থা বিকশিত হ’ব যিয়ে আগন্তুক ভৱিষ্যতৰ প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰি নতুন ভাৰতৰ পথ প্ৰদৰ্শিত কৰিব৷ আমাৰ যুৱ সমাজে নিজৰ ৰুচি আৰু প্ৰতিভা অনুসৰি নিজৰ বিষয় বাচনি কৰাৰ সুবিধা লাভ কৰিব৷ তেওঁলোকে নিজৰ ক্ষমতা বিকশিত কৰাৰ সুবিধা লাভ কৰিব৷ আমাৰ নতুন প্ৰজন্মই এই যোগ্যতাসমূহৰ ফলত কেৱল কৰ্ম সংস্থাপন লাভ কৰাত সমৰ্থ হোৱাই নহয় বৰঞ্চ আনৰ বাবে নিয়োজনৰ ব্যৱস্থা কৰিব পাৰিব৷ৰাষ্ট্ৰীয় শিক্ষা নীতি এক দুৰদৰ্শী তথা দুৰদৃষ্টিসম্পন্ন নীতি৷ ইয়াৰ দ্বাৰা শিক্ষাত ‘অন্তৰ্ভুক্তিকৰণ’, ‘উদ্ভাৱন’ আৰু ‘অনুষ্ঠান’ৰ সংস্কৃতি অধিক শক্তিশালী হ’ব বুলি অনুভৱ কৰিছোঁ । নতুন শিক্ষা নীতিৰ অধীনত মাতৃভাষাত অধ্যয়নৰ গুৰুত্ব প্ৰদান কৰা হৈছে যাৰ দ্বাৰা ই সহজে পুষ্পিত-পল্লৱিত হ’ব৷ লগতে ভাৰতৰ সকলো ভাষা আৰু ভাৰতৰ ঐক্যতাই আৱশ্যকীয় বল লাভ কৰিব৷ কোনো এখন দেশ শক্তিশালী হোৱাৰ বাবে সেই দেশৰ যুৱ সমাজ সৱলীকৃত হোৱাটো আৱশ্যক আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি এই দিশত এক বৃহৎ অৱকাশ হিচাপে বিবেচিত হ’ব বুলি আমি আশাবাদী।
শ্ৰী অনিতা দেৱী
শিক্ষয়িত্ৰী,এমএ, বিএড
Comments
Post a Comment